Posts

(১) বৰ্তমান মাধ্যমিক শিক্ষাৰ আসোৱাহ বা ভুল  ক্ৰটি সমুহ বাখ্যা কৰা ?(অসম আৰু ভাৰতৰ ক্ষেত্ৰত

Image
 (১) বৰ্তমান মাধ্যমিক শিক্ষাৰ আসোৱাহ বা ভুল  ক্ৰটি সমুহ বাখ্যা কৰা ?(অসম আৰু ভাৰতৰ ক্ষেত্ৰত ANS :         মাধ্যমিক শিক্ষাৰ সমস্য়া সমুহ হ'ল (১)  জীৱনৰ পৰা বিচিন্ন :       বৰ্তমান মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ পৰা বিচিন্ন । (২) সংকীৰ্ন আৰু এক পক্ষ : মাধ্যমিক শিক্ষা ঠেক আৰু এক পক্ষীয় হোৱা বাবে ব্যক্তিত্ব গঠনত সম্ভৱ নহয় । (৩) ইংৰাজী ভাষাৰ প্ৰাধান্য :  শিক্ষাৰ মাধ্যম ইংৰাজী হোৱাৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব নোৱাৰে । (৪) পৰীক্ষাৰ হেচা : বৰ্তমান শিক্ষাত পৰীক্ষাৰ হেচা অতি বেছি যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ মৰিমাপ কৰাটো কঠিন হৈ  পৰিছে । (৫) ছাত্ৰ-শিক্ষকৰ সম্বন্ধহীনতা : শ্ৰেণী সমুহত  ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰয়োজনীয়তকৈ বেছি হোৱা বাবে শিক্ষক আৰু  ছাত্ৰ-ছাত্ৰীৰ মাজত  সম্পৰ্ক ৰক্ষা কৰা কঠিন হৈ পৰিছে । (৬)ক্ৰটিপুৰ্ণ শিক্ষাদান পদ্ধতি : গতানুগতিক শিক্ষা পদ্ধতিত ছাত্ৰ-ছাত্ৰীৰ মনত আত্ম প্ৰকাশৰ অনুভুতি জোগাই তোলাত ব্যৰ্থ হৈছে ।                     ...

(৪)   মাধ্য়মিক শিক্ষা বুলিলে  কি বুজা ? এই শিক্ষা  জীৱনৰ কোনটো স্তৰত প্ৰদান কৰা হয়  ?

Image
 (৪)   মাধ্য়মিক শিক্ষা বুলিলে  কি বুজা ? এই শিক্ষা  জীৱনৰ কোনটো স্তৰত প্ৰদান কৰা হয়  ? ANS :  মাধ্য়মিক শিক্ষা হল ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰস্তুতিৰ এক গুৰুত্ৱপুৰ্ণ শিক্ষা । এই শিক্ষা প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজৰচোৱা শিক্ষা । ছষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এই শিক্ষা চলি থাকে । ই এখন বিশেষ দলং স্বৰূপ যিয়ে প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজত সংযোগ স্থাপন কৰে ।                                                    এই শিক্ষা কিশোৰ -কিশোৰী সকলক বয়স সন্ধি কালত দিয়া হয় । কিশোৰ -কিশোৰী সকলক ভৱিষ্য়তৰ বাবে প্ৰস্তুত কৰি তোলা এই শিক্ষাৰ মুল উদ্দেশ্য়   । ***

(৫) ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ বাখ্যা কৰা ?

Image
  (৫)   ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ বাখ্যা কৰা ? উত্তৰ  :  ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ তলত বাখ্যা কৰা হ'ল - ১. গনতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধন - এখন গনতান্ত্রিক দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে সেই দেশৰ সুস্থ নাগৰিকৰ ওপৰত সেয়েহে  আয়োগে উপযুক্ত নাগৰিক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে . আয়োগৰ মতে ছাত্র-ছাত্রীৰ সুস্থ চিন্তাধাৰা , সুস্থ সামাজিক সমাযোজনা , সামাজিক ন্যায় , প্ৰকৃত দেশ প্ৰেম , সহনশীলতা আদি গুন সমুহ বিকাশ কৰি তুলিব লাগিব । ২. বৃত্তিগত যোজনা উন্নত কৰা - ছাত্র- ছাত্রী সকলক শাৰিৰীক শ্ৰমৰ প্ৰতি মৰ্যদা প্ৰদান কৰিবলৈ শিকাব লাগিব  আৰু নিজৰ চাহিদা পুৰন কৰিব পৰাকৈ কৃষি-বাণিজ্য ব্যৱসায় আদি বিষয়সমুহ  পাঠ্যক্ৰমত অন্তভুক্ত কৰিব লাগিব । ৩. ব্যক্তিত্বৰ বিকাশ সাধন -  মাধ্যমিক শিক্ষাৰ আন এক উদ্দেশ্য হৈছে শাৰিৰীক ,মানসিক তথা আধ্যাত্মিক দিশৰ উন্নতি সাধন কৰি ছাত্র-ছাত্রীৰ সম্পুৰ্ন ব্যক্তিত্ব গঢ়ি তোলা। ৪. নেতৃত্বৰ বাবে শিক্ষা - মাধ্যমিক স্তৰতে ছাত্র- ছাত্রীয়ে সাহিত্য , কলা , বিজ্ঞান উদ্যোগ আদি সকলো দিশতে দায়ি...

(৭) মুদালিয়াৰ আয়োগৰ পিছত স্বকৃতি পোৱা প্ৰথম উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিখনৰ নাম লিখা ?

Image
  ৭. মুদালিয়াৰ আয়োগৰ পিছত স্বকৃতি পোৱা প্ৰথম উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিখনৰ নাম লিখা ? Ans :  মুদালিয়াৰ আয়োগৰ পিছত স্বকৃতি পোৱা প্ৰথম উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিখনৰ নাম হ'ল-           ১. বৰপেটা চৰকাৰী হাইস্কুল           ২. ধুবুৰী চৰকাৰী হাইস্কুল           ৩.  শিলচৰ চৰকাৰী হাইস্কুল           ৪. কে. আৰ সাহায্যপ্ৰাপ্ত হাইস্কুল  হাজো ***

(৮) নবোদয় বিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ কি কি ? (M-2026)

Image
  (৮) নবোদয় বিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ কি কি ?   (M-2018) Ans :  নবোদয় বিদ্যালয়ৰ লক্ষ্য আৰু উদ্দেশ্য সমুহ তলত উল্লেখ কৰা হ'ল - ১. জাতীয় সংগতিৰ বিকাশ সাধন কৰা । ২. সমাজত ন্য়ায় আৰু সমতা স্থাপনৰ বাবে উপযুক্ত ব্যক্তি প্ৰস্তুত কৰা । ৩. মেধাৱী ছাত্ৰ -ছাত্ৰীক শিক্ষাৰ সুবিধা দিয়া । ৪.থকা আৰু শিকা দুয়োটা কাম একেলগে কৰে । ৫. শিশুৰ সৰ্বাংগিন বিকাশত সুবিধা দিয়া । ***

(৯) অসমৰ মাধ্যমিক শিক্ষা আইনৰ মুল দফা সমুহ বাখ্যা কৰা  ?

Image
 ( ৯) অসমৰ মাধ্যমিক শিক্ষা আইনৰ মুল দফা সমুহ বাখ্যা কৰা  ? Ans :  ১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন গঠন কৰা হয় । এই আইনৰ মুল দফা বোৰ হল - ১. এই আইন সমগ্ৰ অসমতে প্ৰযোজ্য হব । ২. কোনো বিশ্ববিদ্যালয় বা শিক্ষা বৰ্ডে মাধ্যমিক শিক্ষা পৰিচালনা আৰু নিয়ত্ৰনৰ দ্বায়িত্ব লব নোৱাৰিব । ৩ .   মাধ্যমিক শিক্ষা পৰিচালনাৰ বাবে এখন সুকীয়া শিক্ষা বৰ্ড থাকিব । ৪. শিক্ষা অধিৰ্কতা বা সঞ্চালক(DPI)  হব এই বৰ্ডৰ সভাপতি । ৫. শিক্ষা বৰ্ডৰ সভাপতি জনক চৰকাৰে মনোনিত কৰিব । ***

(১০)   দুৰ শিক্ষা বুলিলে কি বুজা  ? (What is distance education ? )

Image
  (১০)   দুৰ শিক্ষা বুলিলে কি বুজা  ?  Ans :  বিভিন্ন প্ৰযুক্তি বিদ্যাৰ সহায়ত শিক্ষকৰ সানিৰ্দ্ধত নথকাকৈ দুৰ ঠাইৰ পৰা গ্ৰহণ কৰা শিক্ষা ব্যৱস্থাকে দুৰ শিক্ষা বুলি কোৱা হয় । এই শিক্ষা ৱ্যবস্থা শিক্ষাৰ্থী আৰু শিক্ষক পৰস্পৰ আতৰত থাকে । অৰ্থাত ছাত্ৰ আৰু শিক্ষকৰ মুখামুখি নহয় । মাত্ৰ কিছুমান প্ৰযুক্তিৰ মাধ্যমেৰেহ হে এই শিক্ষা দিয়া হয় । জেক্ ফকচৰ মতে দুৰ শিক্ষা হৈছে এবিধ শিক্ষা আহৰনৰ প্ৰক্ৰিয়া । যি বিদ্যালয় চৌহদৰ শিক্ষা ব্যৱস্থাত থকা কেতবোৰ  বিশিষ্ট কৈ পৃথক । ***

খালীঠাই পুৰ কৰা । (common-2026)

Image
  a. শিকনে ব্যক্তিৰ    শিক্ষন   ক্ষমতা বৃদ্ধি কৰে । b. আচৰনৰ পৰিবৰ্তন নোহোৱাকৈ  শিক্ষন  সম্ভৱ নহয় । c. পৰিপক্কতাৰ বাবে   দৈহিক  প্ৰস্তুতিৰ প্ৰয়োজন । d. শিক্ষাৰ অন্যতম উপাদান হল   পৰিপক্কতা  যাৰ অৰ্থ হল একজাতিয় বৃদ্ধি । e. সমাযোজন হল শিকনৰ এক   বৈশিষ্ট্য   । f. পেভলভে এটা ক্ষুধাতুৰ    কুকুৰ    পৰীক্ষাগাৰত ৰাখিছিল । uploaded by administrator

(১) পৰিৱেশ বুলিলে কি বুজা  ? (What is Environment ?)

Image
  (১) পৰিৱেশ বুলিলে কি বুজা  ? Ans :  পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে আগুৰি থকা জীৱ আৰু জড় বা জৈবিক আৰু অজৈবিক সকলো পদাৰ্থৰ সমষ্টিয়েই হল পৰিৱেশ । পৰিৱেশৰ ইংৰাজী প্ৰতিশব্দ environment শব্দটো ফৰাচী ভাষাৰ environ শব্দৰ পৰা আহিছে । ইয়াৰ অৰ্থ হৈছে আমাৰ চাৰিওফাল জৈবিক আৰু  অজৈবিক  উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতি । *** uploaded by administrator

স্কুলৰ(skhole) সংজ্ঞা আৰু ইয়াৰ বৈশিষ্ট্য সমূহ ?

Image
  স্কুলৰ সংজ্ঞা আৰু ইয়াৰ বৈশিষ্ট্য সমূহ ? answer  :  স্কুল শব্দটি‌ গ্ৰীক শব্দ 'Skhole' ৰ পৰা আহিছে যাৰ অৰ্থ  'leisure' বা অৱসৰ ।স্কুল শব্দটি কিমান পুৰণি সেই  সম্পৰ্কে সঠিক অনুমান কৰিব পৰা নাযায় । অবসৰৰ অৰ্থ হৈছে জিৰণি সময় উপভোগ । অনুমান কৰিব পাৰি যে প্ৰাচীন গ্ৰীক সমাজ ব্যৱস্থাত সাধাৰণ শিক্ষাৰ দুৱাৰ সকলোৰে বাবে মুকলি নাছিল । সমাজৰ  উচ্চ শ্ৰেণীৰ লোক সকলে আজৰি সময়ৰ সৎৱ্যৱহাৰ কৰিবলৈ এক নিৰ্দিষ্ট ঠাইত একগোট হৈ সমাজৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিছিল । সামাজিক , ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক ইত্যাদি বিভিন্ন দিশ আলোচনা কৰি , বিকাশ সাধনৰ ক্ষেত্ৰত অৱদান যোগাবলৈ তেওঁলোকে মুক্তিবাদি চিন্তাৰ জৰিয়তে নিজ সংস্কৃতিক আগুৱাই নিবলৈ পৰ্যমানে চেষ্টা কৰিছিল । যিহেতু এই ভাবধাৰা শিক্ষাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত , গতিকে তাৰপৰাই স্কুল শব্দটি গ্ৰীক সমাজত আনুষ্ঠানিক শিক্ষাৰ মাধ্যম হিচাপে মানৱ জীৱনত অৱসৰ সময় অৰ্থপূৰ্ণ ভাৱে কটাবলৈ বিশেষভাৱে সহায় কৰিছিল ।          বিভিন্ন শিক্ষাবিদ,সমজবিদ, চিন্তাবিদে স্কুলৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াইছে । তলত কিছুমান শিক্ষ...

পৰিৱেশ প্ৰদূষণ মানে কি ? ইয়াৰ কাৰণ বোৰ কি কি ?, প্ৰদূষণ কাৰী কাৰক বোৰ কি ?

Image
০ উত্তৰ: এক কথাত কবলৈ গলে পৰিবেশ মানে আমাৰ চাৰিও ফালে থকা জৈৱিক আৰু অজৈৱিক উপাদানৰ সমষ্টি । এই বিশ্ব খনত পৰিবেশীয় উপাদান নাথাকিলে বৰ্তমানে আমি আৰু এই পৃথিৱী নামৰ গ্ৰহও নাথাকিলে হয় ।  মানৱ প্ৰজাতি আৰু গোটেই বিশ্বৰ জীয়াই ৰখাৰ  বাবে ভাল পৰিবেশৰ আৰু প্ৰদূষণমুক্ত হোৱাৰ  প্ৰয়োজন । #ইয়াত কথা হল পৰিৱেশ প্ৰদূষণ কেনেকৈ হয়  ?   উত্তৰ : পোনপটীয়া কৈ আৰু বিতং ভাবে যদি আমি পৰিৱেশ প্ৰদূষণৰ সংজ্ঞা দিওঁ তেন্তে এই দৰে কব পাৰো । পৃথিৱী ব্যাপী গোটেই জীৱমণ্ডল আৰু জড় মণ্ডলক আগুৰি থকা এক নিৰ্দষ্ট ঠাই যদি বিশেষ কাৰকৰ ফলত মানুহ আৰু জীৱ জগতৰ লগতে ,ৰাসায়নিক আৰু জৈৱিক জগতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা এক কু প্ৰভাৱ । #পৰিবেশ প্ৰদূষণ কৰা বিশেষ কাৰক বোৰ কি কি ? উত্তৰ: প্ৰদূষণৰ কাৰক বহুতো হব পাৰে যেনে । ১, অনিষ্ট কাৰী বেক্টেৰিয়া। ২, মৰা জীৱ জন্তু । ৩, ৰাসায়নিক কাৰখানা । ৪, গাড়ী মটৰ ইত্যাদি  #প্ৰদূষণ কাৰী বস্তুবোৰ কি ?  উত্তৰ :  যি বোৰ জীবিত আৰু ভৌতিক পদাৰ্থই  তাপ , শক্তি, আদি বোৰ অধিক পৰিমানত উপস্থিত থাকি পৰিবেশৰ ওপৰত কু প্ৰভাব পেলায় সেই বোৰেই প্ৰৰদূষন কাৰি বস্তু । #ভিন্ন প্ৰকাৰৰ...